/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b6fe9f39-2890-4daf-b086-5f029ab6390f/WhatsApp_Image_2022_09_26_at_05_50_05.jpeg)
himachal pradesh
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত। এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জনকৈ লোক নিহত হোৱাৰ লগতে আন ১০ জন লোক অতি গুৰুত্বৰ ভাৱে আহত হৈছে।
এই দুৰ্ঘটনা হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্থ বাহনখনে কঢ়িয়াই নিছিল পৰ্যটকৰ এটা দলক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰীয়ে তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে বাঞ্জাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
আনহাতে যিসকল আহত লোকৰ অৱস্থা গুৰুতৰ সেইসকলক কুল্লু চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা যাত্ৰীসকল হাৰিয়ানা, দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ আছিল বুলি প্ৰকাশ পাইছে।