সোণতলীত পথ দুৰ্ঘটনা : উদণ্ড বাইক চালকৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান

পবিত্ৰ ঈদৰ উৎসৱৰ মাজতে সোণতলী অঞ্চলত সৰু-বৰ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ সোণতলী-ছমৰীয়া গড়কাপ্তানী পথৰ মাহতলী-শেলেসুতি চাৰিআলিৰ সমীপত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মাহতলী বজাৰৰ দিলদাৰ হুছেইনৰ পুত্ৰ ছাব্বিৰ হুছেইন নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

author-image
Asomiya Pratidin
New Update
উদণ্ড বাইক চালকৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান

ডিজিটেল সংবাদ, সোণতলী : পবিত্ৰ ঈদৰ উৎসৱৰ মাজতে সোণতলী অঞ্চলত সৰু-বৰ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ সোণতলী-ছমৰীয়া গড়কাপ্তানী পথৰ মাহতলী-শেলেসুতি চাৰিআলিৰ সমীপত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মাহতলী বজাৰৰ দিলদাৰ হুছেইনৰ পুত্ৰ ছাব্বিৰ হুছেইন নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Advertisment

দুৰ্ঘটনাৰ পাছত স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ কৰি ছাব্বিৰক সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। ছাব্বিৰৰ শাৰীৰিক অৱস্থা সংকটজনক হোৱাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে, বাইক লৈ উদণ্ড যুৱকৰ অতপালিৰ বিৰুদ্ধে সোণতলী আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ সতৰ্কতা আৰু তৎপৰতাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । 

এই পদক্ষেপৰ বাবে স্থানীয় সমাজ সচেতন ৰাইজে সোণতলী আৰক্ষীক ধন্যবাদ জনাইছে ৷ আৰক্ষীৰ তৎপৰতাই এই উৎসৱৰ আনন্দৰ মাজত উদণ্ডতা আৰু সম্ভাব্য বিপদসমূহ ৰোধ কৰিবলৈ সহায় কৰিছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ৷

Assam police