ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : প্ৰাণ গ'ল যুৱকৰ

ৰঙাপৰাত সোমবাৰে নিশা সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত  সংঘটিত হয় দুৰ্ঘটনাটো ৷

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাত সোমবাৰে নিশা সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত  সংঘটিত হয় দুৰ্ঘটনাটো ৷

Advertisment

দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষত চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ প্ৰিতম বৰুৱা নিহত হোৱাৰ লগতে বিন্দুকুৰি এফ চি আই গুদামৰ বিকী কান্দোলনা আৰু ইছদৰ তপ্ন গুৰুত্বভাৱে আহত হয় ৷ ফেক্টৰী মেনেজাৰ প্ৰিতম বৰুৱাই নিজৰ কাম শেষ কৰি AS-12-H- 0185  নম্বৰ মটৰচাইকেলখনেৰে ঠাকুৰবাৰী নাহৰবাৰীৰ নিজ গৃহলৈ আহি থকা সময়ত ৰঙাপৰাৰ পৰা বিন্দুকুৰি অভিমুখী নম্বৰপ্লেট বিহীন মটৰচাইকেলখনে খুন্দা মৰাত গুৰুত্বভাৱে আহত হয় প্ৰিতম বৰুৱা ৷

আহত প্ৰিতম বৰুৱা ১০৮ এম্বুলেন্স জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও পাছত মৃত্যুক সাৱতি লয় ৷ আনহাতে নম্বৰবিহীন মটৰচাইকেলৰ আৰোহী দুজনক চেঁচা চাহ বাগিচাৰ চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷ 

Assam police jamugurihat