/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/32b04b46-0248-455b-87b6-3fafdebdfe74/sir.jpg)
Ravindra Kumar
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ পানীগাঁৱত শনিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এক দুৰ্ঘটনা । ফলত গুৰুতৰভাৱে আহত হয় নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন্দ্ৰ কুমাৰৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ। আঘাতপ্ৰাপ্ত অধ্যক্ষ ৰবীন্দ্ৰ কুমাৰে অতি দুৰ্ভাগ্যজনক ভাৱে নিশা প্ৰায় ২ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৷
নগাঁও যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী সূত্ৰই জনোৱা মতে শনিবাৰে সন্ধিয়া নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন্দ্ৰ কুমাৰে পত্নী আৰু পুত্ৰৰ সৈতে ডব্লিউ বি ৭০ই ৪৬০৫ নম্বৰৰ এখন মটৰ চাইকেলেৰে নগাঁও চহৰলৈ বজাৰ কৰিবলৈ গৈছিল।বজাৰ কৰি তেওঁলোক কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদত থকা চৰকাৰী অৱাসগৃহলৈ বুলি উভটি অহাৰ সময়ত নগাঁও পলিটেকনিকৰ ওচৰত ডিফলু দিশৰ পৰা অহা এ এছ ০২ চি চি ৯৭৫৫ নম্বৰৰ তীব্ৰ বেগী টাটা মেজিক ভানখনে মটৰ চাইকেলখনক মহতীয়াই নিয়ে।ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
উল্লেখযোগ্য যে, দুৰ্ঘটনাত অধ্যক্ষ ৰবীন্দ্ৰ কুমাৰ, পত্নী সুশীলা সূঠাৰ (৩৮)আৰু কণমানি পুত্ৰ তথা নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ঋচিত আৰ্য (১০) অতি গুৰুতৰ ভাৱে আহত হয়। ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ৰবীন্দ্ৰ কুমাৰৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত নিশাই তেওঁক গুৱাহাটীলৈ লৈ যোৱা হয়। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে যোৱা নিশা প্ৰায় ২ বজাত তেওঁ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে, গুৰুতৰভাৱে আহত সুশীলা আৰু ঋচিত বৰ্তমানেও নগাঁৱৰ বৰঘাট বাইপাছৰ চিমছ নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুয়োৰে অৱস্থা এতিয়াও সংকটজনক।
উল্লেখ্য যে, ৰবীন্দ্ৰ কুমাৰৰ ঘৰ ৰাজস্থানত। তেওঁ নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত উপাধ্যক্ষ হিচাপে বিগত ২০১৯চনত যোগদান কৰিছিল। শেহতীয়াকৈ বিদ্যালয় খনৰ অধ্যক্ষ সঞ্জয় সৰকাৰৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ বদলি হোৱাত কুমাৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বিদ্যালয় খনৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰীৰ মাজত অতি জনপ্ৰিয় আছিল প্ৰয়াত ৰবীন্দ্ৰ কুমাৰ ৷
বিয়লি তেওঁৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত নগাঁও কেন্দ্ৰীয় বিদ্যালয়লৈ অনা হয়। লগে লগে বিদ্যালয় চৌহদত কান্দোনৰ ৰোল উঠে। তাত বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী,অনা শিক্ষক কৰ্মচাৰী আৰু বহু অভিভাৱকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অৱশ্যে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা মেজিক ভানখন নগাঁও আৰক্ষীয়ে জব্দ কৰাৰ লগতে বাহন খনৰ উদণ্ড চালক জনকো গ্ৰেপ্তাৰ কৰিছে।