খেৰণিত পথ দুৰ্ঘটনা : বাইকৰ খুন্দাত ছাত্ৰী আহত

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। জানিব পৰা মতে, তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১০ বছৰীয়া ছাত্ৰী। 

author-image
Asomiya Pratidin
New Update
কাহিলীপাৰাত ছাৰ্ভিছ ৰাইফলেৰে নিজৰেই জীৱন শেষ কৰিলে এজন আৰক্ষী জোৱানে

ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। জানিব পৰা মতে, তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১০ বছৰীয়া ছাত্ৰী। 

উল্লেখযোগ্য যে, খেৰণি-জেৰিকীণ্ডিঙ সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাইকসহ পলায়ন কৰে অচিনাক্ত বাইক আৰোহীয়ে। 

আনহাতে বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকী হৈছে চাৰজিনা বেপি। তেওঁ খেৰণি গ্ৰীন ইংলিছ এল পি স্কুলৰ ছাত্ৰী। ইতিমধ্যে ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে স্থানীয় চিকিৎসালয়ৰ চিকিৎসকে।

অসম আৰক্ষী