মাহনিআটিত পথ দুৰ্ঘটনা

দেওবাৰে সন্ধিয়া কামপুৰ -কঠীয়াতলী পথৰ মাহনিআটিত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ই -ৰিক্সাৰ খুন্দাত নিহত হয় এজন লোক।

author-image
Asomiya Pratidin
New Update
240

ডিজিটেল সংবাদ, কামপুৰ : দেওবাৰে সন্ধিয়া কামপুৰ -কঠীয়াতলী পথৰ মাহনিআটিত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ই -ৰিক্সাৰ খুন্দাত নিহত হয় এজন লোক।

ভাৰত নাথ (৭০) নামৰ লোকজন থিতাতে মৃত্যু হয় এই দুৰ্ঘটনাত। জানিব পৰা মতে নিহত ভাৰত নাথ ঘৰৰ পৰা বাটলৈ ওলাই আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ।

উল্লেখ্য যে,নাথে চকুৰে কম দেখে যদিও ই ৰিক্সা চালকে নতুন বাহন কিনি নতুনকৈ চলোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে ।  

কঠিয়াতলী