জামুগুৰিহাটত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত এজন

জামুগুৰিহাটৰ কুসুমটোলাৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত পথ দুৰ্ঘটনা

জামুগুৰিহাটত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক।

Advertisment

দুখন বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে  সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। আহত ব্যক্তিজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮  এম্বুলেঞ্চৰ সহায়ত স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অৱস্থা সংকটজনক দেখি  উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে আহত যুৱকজনৰ নাম জানিব পৰা হেৱা নাই ৷

জামুগুৰিহাট