/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : বৃহত্তৰ জামুগুৰিহাটৰ দুটা পৃথক পৃথক স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হৈছে পাতলৰচুক গাঁৱৰ সমীপত। সোমবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাত পতি- পত্নী এহাল গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, জামুগুৰি আৱাসিক কেন্দ্ৰৰ পৰা বালি চাং নিৱাসী দম্পতীয়ে AS-32-5814 নম্বৰৰ এখন পালচাৰ মটৰচাইকেল লৈ গৃহাভিমুখী গৈ থকা অৱস্থাত বিশ্বনাথ চাৰিআলি অভিমুখী তীব্ৰবেগী AS-12- AJ-7558 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত স্বামী- স্ত্ৰী দুয়ো পথৰ পৰা বহুত দূৰৈত ছিটিকি পৰে ৷
ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
ইফালে বালিপৰাতো সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনা। নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ চেপাত নিহত হৈছে এজন যুৱক। যুৱকজনৰ নাম সুকৰাম নাগ। যুৱকজনে উক্ত ট্ৰেক্টৰখনতেই শ্ৰমিক হিচাপে কাম কৰি আছিল ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে যুৱকজনে ট্ৰেক্টৰখনৰ পৰা নামি পাচফালে থিয় হৈ আছিল ৷ ঠিক সেই সময়তে চালকজনে ট্ৰেক্টৰখন পাছলৈ নিব লওতে পিচফালে ৰৈ থকা শ্ৰমিকজনৰ গাৰ ওপৰেদি চকা উঠি পাৰ হৈ যায় ৷
ফলত থিতাতে নিহত হয় সুকৰাম নাগ নামৰ শ্ৰমিকজন। নিহত সুকৰাম নাগ বালিপৰাৰ পানিপোটা চাহবাগিচাৰ বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ উপৰি ট্ৰেক্টৰখন জব্দ কৰিছে ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰেক্টৰৰ চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে ৷