হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত ভালে কেইগৰাকী যাত্ৰী

হিমাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হৈ মাণ্ডীৰ সৰকাঘাটৰ এটা দ’ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। 

author-image
Asomiya Pratidin
New Update
bus

ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হৈ মাণ্ডীৰ সৰকাঘাটৰ এটা দ’ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। 

ফলত বাছখনত থকা যাত্ৰীসমূহৰ প্ৰায় ২৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰোপৰি কেইবাগৰাকী যাত্ৰী অতি সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বাহিনীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান চলাই আছে।

হিমাচল প্ৰদেশ