/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল ডেস্ক : মহানগৰীৰ বালুঘাটৰ সমীপত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দ্রুতবেগী ট্রাকে মহটিয়াই নিয়ে দুই স্কুটাৰ আৰোহীক। ফলত থিতাতে নিহত হয় এজন লোক, আনহাতে আনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
নিহত যুৱকজনৰ নাম অম্লান হাজৰিকা। ইফালে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অনিৰুদ্ধে দে’ক। উল্লেখযোগ্য যে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী আছিল দুয়োখন বাহন। দুৰ্ঘটনাৰ ফলত ছিন্নভিন্ন হৈ পৰে অম্লান হাজৰিকাৰ মৃতদেহ।
ইফালে দুৰ্ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰে একাংশ লোকে। নিৰ্মাণকাৰ্যৰ বাবে ৱান ৱে’ কৰা হৈছিল পথটো, যাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।