গৰুভাষাত পথ দুৰ্ঘটনা : বাছ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ

বুধবাৰে বিয়লিৰ ভাগত চিৰাং জিলাৰ ছামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু চহৰ সংযোগী ১২৭ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথৰ গৰুভাষাৰ লাউৰীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, চিৰাং :  বুধবাৰে বিয়লিৰ ভাগত চিৰাং জিলাৰ ছামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু চহৰ সংযোগী ১২৭ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথৰ গৰুভাষাৰ লাউৰীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন ভূটান অভিমুখী যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয় । 

Advertisment

ফলত মটৰচাইকেলত থকা আৰোহী দুজন গুৰুতৰভাৱে আহত হয়, বিপৰীতে ভূটানী যাত্ৰীবাহী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত খুন্দা মাৰে । আহত মটৰচাইকেল আৰোহী দুগৰাকীক মোজাবাৰীৰ গোলাপ আলী মিঞা (২৫) আৰু ছফিকুল ইছলাম (২৬) বুলি চিনাক্ত কৰা হয় । 

উল্লেখযোগ্য যে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত আহি উপস্থিত হয় ৰাজনৈতিক নেতা অৰূপ নাথ । তেওঁ ততালিকে এম্বুলেন্স আৰু আৰক্ষীক দুৰ্ঘটনা খবৰ দিয়ে । তাৰ পিছত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী দুয়োজনক এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

একেসময়ে দুৰ্ঘটনাগ্ৰস্ত হৈ আতংকিত হৈ পৰা বৌদ্ধ তীৰ্থযাত্ৰীসকলক বাছৰ পৰা উলিয়াই অনাত সহযোগ কৰে নেতাগৰাকীয়ে । প্ৰাপ্ত খবৰ অনুসৰি বিহাৰৰ বৌদ্ধগয়াৰ পৰা তীৰ্থ ভ্ৰমণ কৰি ভূটানৰ গেলেফু চহৰলৈ লৈ উভতি অহাৰ সময়ত গৰুভাষাৰ লাউৰীপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয়। 

এই দুৰ্ঘটনাত ভূটানী যাত্ৰীবাহী বাছত থকা ২১ গৰাকী বৌদ্ধ তীৰ্থযাত্ৰী ভিক্ষু কম বেছি পৰিমাণে আহত হয় । আনপিনে মটৰচাইকেল আৰোহী গোলাপ আলী মিঞাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

Assam police chirang
News Hub