/asomiyapratidin/media/media_files/2025/02/17/oi4uGP1aTU0pS6Q7wrdc.jpg)
পথ দুৰ্ঘটনা
ডিজিটেল সংবাদ, ধুবুৰী : মেট্ৰিক পৰীক্ষাই কাল হ’ল এজন যুৱকৰ ! নিজ ভাতৃক পৰীক্ষা কেন্দ্ৰত থৈ ঘৰলৈ ওভতাৰ সময়ত সোমবাৰে এক পথ দুৰ্ঘটনাত এজন বাইক চালকে মৃত্যুক সাৱটি ল'ব লগা হোৱা ঘটনাই ধুবুৰীৰ ৰাজাকাটলীত শোকৰ ছাঁ পেলাইছে।
ধুবুৰীৰ ৰাজাকাটলী এলেকাত সংঘটিত উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক চালকজন। ঘটনাৰ বিৱৰণ অনুসৰি মেট্ৰিক পৰীক্ষাৰ বাবে নিজৰ সৰু ভায়েকক ধুবুৰীৰ নিকটৱৰ্তী ধৰ্মশালা পৰীক্ষা কেন্দ্ৰ লৈ গৈ তাতে থৈ ঘৰলৈ ওভতাৰ সময়ত বাটতে সংঘটিত এই দুৰ্ঘটনাত আতিক মণ্ডল নামৰ যুৱকজনে মৃত্যুক সাৱটি লয় ।
নিহত যুৱকজনৰ ঘৰ ধুবুৰীৰ বগুলামাৰী অঞ্চলত বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। জানিব পৰা মতে এ এছ ১৭ এইচ ২৩২৬ নম্বৰৰ চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা অহা এ এছ ১৭ পি ২২২৮ নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত বাইক চালক আতিক মণ্ডল গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ঘটনাস্থলীত ধৰ্মশালা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।