চিৰাঙৰ ঢালিগাঁৱৰ হাতিপোতাত শোকাবহ পথ দুৰ্ঘটনা...

এগৰাকী যুৱতী নিহত আৰু দুজন আহত
চিৰাঙৰ ঢালিগাঁৱৰ হাতিপোতাত শোকাবহ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাতিপোতা গাঁৱত শুকুৰবাৰে সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ফলত দুৰ্ঘটনাস্থলীতে এগৰাকী যুৱতী নিহত হোৱাৰ বিপৰীতে আনএগৰাকী যুৱতীসহ দুজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয় ।

জানিব পৰা মতে এ এচ ২৬ এ ২১১১ নম্বৰৰ পালচাৰ মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা মাইল ষ্টনৰ খুটাত খুন্দা মাৰে। ফলত পথ দুৰ্ঘটনা সংঘটিত হয় ।দুৰ্ঘটনাত নিহত যুৱতীগৰাকীক চিৰাং জিলাৰ ২নং শালবাৰী মোলানডুবি গাঁৱৰ ছুনিমা বসুমতাৰী আৰু আহত গৰাকী ছুনিমাৰ ভগ্নী বনিমা বসুমতাৰী বুলি জানিব পৰা গৈছে। অন্যহাতে মটৰচাইকেল চালক আহত যুৱকজনক এতিয়াও চিনাক্তকৰণ হোৱা নাই ।

ঘটনাস্থলীত ঢালিগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ আহত হোৱা দুজনক চিকিৎসালয়ত প্ৰেৰণ কৰে আৰু নিহত যুৱতী গৰাকীৰ নিথৰ দেহ উদ্ধাৰ কৰি কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in