/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1d5d50b7-c9b6-494c-ae6a-3dd2bee84216/acc.jpg)
ঢকুৱাখনাত পথ দুৰ্ঘটনা
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হৈছে ঢকুৱাখনাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাহপৰা অঞ্চলত। দুৰ্ঘটনাটোত এজন যুৱক ঘটনা স্থলীতে অকাল মৃত্যু ঘটে ।
ঘটনাৰ বিৱৰণী মতে দেওবাৰে বিয়লি প্ৰায় ৪-২০ বজাত এ এছ ০৭ এছ ১০৩৩ নম্বৰৰ পালচাৰ বাইকেৰে ভাটি কেঁকুৰী অঞ্চলৰ দুজন যুৱক ক্ৰমে বিজিত খনিকৰ আৰু কৃষ্ণ মণি খনিকৰ ঢকুৱাখনা দিশে গৈ থকা অৱস্থাত একে দিশৰ পৰা ঢকুৱাখনা দিশে গৈ থকা আৰ জে ০১ জি এ ৭৭৮৪ নম্বৰৰ এখন কনন্টেইনাৰ অতিক্ৰম কৰা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত উদীয়মান যুৱক বিজিত খনিকৰ ঘটনা স্থলীতে মৃত্যু হয়। আনহাতে আৰোহী কৃষ্ণ মণি খনিকৰ গুৰুতৰভাৱে আহত হয়।
আহত কৃষ্ণ মণি খনিকৰক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে।চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে এক গোচৰো ৰুজু কৰিছে । এজন অমায়িক যুৱকৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
আৰু পঢ়কঃনুমলীগড় উঃ মাঃ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ পদক্ষেপ