বালিপৰা, ৰাইডঙীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১জন, আহত ৭জন

বালিপৰাৰ বৰপাট গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগত আহি এখন টাটা ছুমুয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। নগাঁও-বটদ্ৰৱা-মৈৰাবাৰী সংযোগী পথৰ ৰাইডঙীয়াতো সংঘটিত হয় পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
 ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক: শোণিতপুৰৰ বালিপৰাৰ বৰপাট গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগত আহি এখন টাটা ছুমুয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গাড়ীখনৰ যাত্ৰী এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে চালকসহ ৫ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয়৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাত এএচ০১- কেচি-৯১৭৮ নম্বৰৰ টাটা ছুমুখন বালিপৰাৰ বৰপাট গাঁৱত দুৰ্ঘটনাত পতিত হয়। গুৰুত্বৰভাবে আহত সকলক ততাতৈয়া কৈ সংকটজন অৱস্থাত ১০৮ এম্বুলেঞ্চ যোগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ গাড়ীখনৰ ভিতৰত বহু সময় ধৰি আৱদ্ধ হৈ আছিল এগৰাকী মহিলা। গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থকা মহিলা গৰাকীক অৱশেষত মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ আৰু আৰক্ষী। বৰ্তমানলৈ নিহত আৰু আহত সকলৰ পৰিচয় জানিব পৰা হোৱা নাই।

Advertisment

ইফালে নগাঁও-বটদ্ৰৱা-মৈৰাবাৰী সংযোগী গড়কাপ্তানি পথৰ ৰাইডঙীয়াতো সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাবে আঘাতপ্রাপ্ত হয় শ্বফিকুল ইছলাম নামৰ এজন লোক। নগাঁৱৰ পৰা মৈৰাবাৰী দলৈগাঁৱলৈ বুলি গৈ থকা অৱস্থাত এএচ২১-এন-৮২১৪ নম্বৰৰ এখন মটৰ চাইকেলক এখন মাটি কঢ়িওৱা ডাম্পাৰে পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে। দুৰ্ঘটনাত বাইক চালক শ্বফিকুল ইছলামৰ সোঁভৰি বেয়াকৈ আঘাতপ্রাপ্ত হোৱাৰ লগতে বাইকত বহি অহা এটি শিশু আহত হয়। পাছত স্থানীয় লোকৰ চেষ্টাত আহত সকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে পলাবলৈ চেষ্টা কৰোঁতে ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে।

পথ দুৰ্ঘটনা বাইক দুৰ্ঘটনা দুৰ্ঘটনা