/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/21a4758e-acdc-4da6-9f45-8ae97e8b57bd/dampar.jpg)
accident
ডিজিটেল সংবাদ,বাইহাটা চাৰিআলিঃ ডাম্পাৰে মহতিয়ালে এজন লোকক। জানিব পৰা মতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা নিবাসী কামাখ্যা শৰ্মা নামৰ লোক জনে বুধবাৰে দিনৰ ভাগত চাইকেললৈ বেজেৰাত বজাৰ কৰিবলৈ আহে। কিন্তু বজাৰ কৰি প্ৰায় ২-৩০ বজাত গৃহভিমুখে ৰাওনা হোৱাৰ সময়তে একেটা দিশৰ পৰা ডাম্পাৰ এখনে লোকজনক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই থৈ যায়।
ফলত কামাখ্যা শৰ্মা নামৰ লোক জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত কামাখ্যা শৰ্মাক ততাতৈয়াকৈ জি এম চি এইচলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে চালকজনে পলায়ন কৰে।