New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
- পৰ্বতঝোৰাৰ আংগাৰকাটাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
- শুকুৰবাৰে পুৱা ১১-০০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে মটৰ চাইকেল এখনে।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহী অৰিফ আব্দুল্লা।
- যুৱকজনৰ ঘৰ আংকাটা প্ৰথম খণ্ড গাঁৱত।
- মটৰ চাইকেলখনৰ পঞ্জীয়ন নম্বপ AS-19-N -1625।
- বগৰীবাৰীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
- গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
- অৱশ্যে দুৰ্ভাগ্যৱশতঃ চিকিৎসাধীন অৱস্থাতে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।