কামপুৰৰ ৰে’লৱে উৰণ সেতুত পথ দুৰ্ঘটনা…

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে AS N 5044 নম্বৰৰ ট্ৰাকখন ৷ অৱশ্যে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে পলায়ন কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ 

author-image
Asomiya Pratidin
New Update
কামপুৰৰ ৰে’লৱে উৰণ সেতুত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, কামপুৰ : কামপুৰৰ ৰে’লৱে উৰণ সেতুত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ বুধবাৰে তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে এখন যাত্ৰীবাহী টমটমক (ই- ৰিক্সা) ৷ 

Advertisment

জানিব পৰা মতে, বিদ্যালয়লৈ ৫ জন ছাত্ৰ- ছাত্ৰী কঢ়িয়াই নিছিল ই- ৰিক্সা বাহনখনে ৷ ইফালে এই দুৰ্ঘটনাত ৩ জন ছাত্ৰ- ছাত্ৰী আহত হৈছে ৷ আহতসকলক ততাতৈয়াকৈ কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ 

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে AS N 5044 নম্বৰৰ ট্ৰাকখন ৷ অৱশ্যে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ 

আনহাতে উক্ত ঘটনাৰ পাছতে অঞ্চলটোৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কামপুৰ পৌৰসভা আৰু প্ৰশাসনৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে ট্ৰাক চালকৰ অতপালি সংঘটিত হৈ আহিছে। উল্লেখ্য যে, বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়ত গধুৰ যান-বাহন চলাচল বন্ধ কৰিছিল প্ৰশাসন আৰু পৌৰসভাই ৷ কিন্তু প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি অঞ্চলটোৰে দৈনিক পাৰ হয় শ শ ট্ৰাক।

kampur