
ডিজিটেল ডেস্কঃ উৰুকাৰ আনন্দ, উল্লাসৰ মাজতে সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। পাঠশালাৰ তিতকাত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা মাৰে। ফলত বাগৰি পৰে বাহনখন।
দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল ২ জন লোক। দুয়োজন লোকেই আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে সৌ ভাগ্যক্ৰমে দুয়ো ৰক্ষা পৰে।
ক্লিক কৰি পঢ়কঃ হায় অসমীয়া ! সুৰাৰ বটল আৰু ডেৰ ফুটিয়া খেৰৰ জুমুঠিও হ'ল 'মেজি'