/asomiyapratidin/media/media_files/2025/09/27/sdsdsdsdddd-2025-09-27-18-18-42.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত মণিপুৰ গাঁৱৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এএছ-১৭-আৰ-৯৪৪৭ নম্বৰৰ তীব্রবেগী মটৰ চাইকেল এখনে মণিপুৰ গাঁৱৰ সাহেৰ আলীৰ ৮ বছৰীয়া পুত্ৰ আসাদ আলীক তীব্ৰ ভাবে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত শিশুটি গুৰুতৰভাবে আহত হয় ।
আহত শিশুটি ততাতৈয়াকৈ স্থানীয় ৰাইজে সংকটজনক অৱস্থাত বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও শিশুটিৰ স্বাস্থ্য অধিক অৱনতি হোৱাত চিকিৎসকে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। পিছে, ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুটিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
ইফালে, দুৰ্ঘটনাস্থলীত বগৰীবাৰী আৰক্ষীয়ে উপস্থিতহৈ দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খন জব্দ কৰাৰ লগতে দুৰ্ঘটনা বিষয়ে তদন্ত আৰম্ভ কৰে।