ৰৈ থকা ট্ৰাকত হোণ্ডাই বাহনৰ খুন্দাঃ থিতাতে নিহত এজন...

author-image
Asomiya Pratidin
New Update
ৰৈ থকা ট্ৰাকত হোণ্ডাই বাহনৰ খুন্দাঃ থিতাতে নিহত এজন...

nagaon

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ উৰিয়াগাঁও বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে প্ৰান হেৰুৱালে এজনে ৷ নিহত যুৱকজনৰ নাম হৈছে মানস বৰা ৷ মানসৰ ঘৰ মৰিকলঙ বৰঘাটত ৷

Advertisment

বৃহস্পতিবাৰে নিশা প্ৰায় ১ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এখন হোণ্ডাই আই-১০ গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে শোঁকাবহ ঘটনাটো সংঘটিত হয় ৷

হোণ্ডাই গাড়ীখনে প্ৰচণ্ড জোৰত ট্ৰাকৰ পিছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণ ভাবে ধংশ হৈ চালকৰ আসনত থকা মানস বৰাক হেচা মাৰি ধৰে ৷ নিশা প্ৰচণ্ড শব্দ শুনি ওচৰৰ ধাবাৰ লোক আহি দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি উদ্ধাৰ অভিযানত নামে যদিও ইতিমধ্যে যুৱকজনে মৃত্যুক আকোৱালী লয় ৷

নিশাই যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনে আৰু শুকুৰবাৰে দিনত মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে ৷ মানস বৰা টেলিকম কোম্পানী এয়াৰটেলৰ কৰ্মচাৰী আছিল ৷

nagaon road accident