ভয়ংকৰ দুৰ্ঘটনাত নিহত ১জন, আহত ৭জন

নিশা লংকাৰ কাকীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বিবাহ বাহন দুৰ্ঘটনাত পতিত হৈ  নিহত হয় এজন, ৭জন আহত হয়। পশ্চিম কাৰ্বিআংলং জিলাৰ খেৰণীৰ পৰা কাকী হৈ বকলীয়ালৈ যোৱা পথত কাকীৰ শনিবজাৰৰ সমীপত এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

ডিজিটেল সংবাদ, লংকা : নিশা লংকাৰ কাকীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বিবাহ বাহন দুৰ্ঘটনাত পতিত হৈ  নিহত হয় এজন, ৭জন আহত হয়। পশ্চিম কাৰ্বিআংলং জিলাৰ খেৰণীৰ পৰা কাকী হৈ বকলীয়ালৈ যোৱা পথত কাকীৰ শনিবজাৰৰ সমীপত এই দুৰ্ঘটনা। গৈ থকা পথত থকা সৰু দলংত নিয়ন্ত্রণ হেৰুৱাই গাড়ীৰে খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। 

জানিব পৰা মতে,  ৮ জন বৰযাত্ৰী‌ টাটা মোবাইল বাহনৰ পিছফালে উঠাই খেৰণীৰ পৰা লংকা আৰু পিছত কাকী হৈ পুৰণা কাকী পথেৰে বকলীয়ালৈ গৈ থকা আধা বাটতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।মৃত ব্যক্তি গৰাকীৰ নাম কিশোৰ কুমাৰ চৌহান। সুৰাসক্ত চালকৰ বাবে আধা বাটতেই এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ বাহনখনত যোৱা আন ব্যক্তিৰ।

আহত ৮ জন লোককে লংকা জোৰা পুখুৰী অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও কিশোৰ কুমাৰ চৌহান নামৰ যুৱক মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।  

পথ দুৰ্ঘটনা দুৰ্ঘটনা লংকা