ভয়ংকৰ ঘটনাঃ চাইকেলেৰে ঘৰলৈ গৈ থকা একে পৰিয়ালৰ ৫ সদস্যৰ ওপৰেদি চলিল মালবাহী বাহন...

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত। জিলাখনৰ চি আই টিৰ ওচৰত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে নিহত হৈছে।

Advertisment

উল্লেখ্য যে, এখন টাটা এ চি ই মালবাহী বাহন চাইকেলেৰ গৈ থকা এটা পৰিয়ালৰ দেহৰ ওপৰেদি পাৰ হৈ যায়। পৰিয়ালটোৰ ৫ গৰাকী সদস্যই দুখন চাইকেলেৰৈ ঘৰলৈ গৈ আছিল।

মালবাহী বাহনখনে পৰিয়ালটোক পিছফালৰ পৰা খুন্দা মৰাত হাহাকাৰময় পৰিৱেশৰ সূচনা হৈছে। ইফালে এই দুৰ্ঘটনাত মাতৃগৰাকীৰ থিতাতে মৃত্যু হৈছে। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ৰম্ভা নাথ (৪০)। আনহাতে দুৰ্ঘটনাত অতি গুৰুতৰ ভাৱে আহত হৈছে পিতৃ, পুত্ৰ আৰু কন্যা। আহতৰ ভিতৰত আছে তিনিবছৰীয়া নাতিনী তৰা নাথ।

এই দুৰ্ঘটনা সংঘটিত কৰা মালবাহী বাহনখনৰ নম্বৰ এ এছ ১৯, এ চি ২৮৬৬। ঘটনাৰ পিছতে আৰক্ষীয়ে চালক আৰু সহযোগীলোকজনক আটক কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰো সৃষ্টি হৈছে।

kokrajhar road accident