/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f58b3f37-894b-40e4-afe3-791281b5a6de/JONAI_3.jpg)
JONAI
ডিজিটেল সংবাদ জোনাই : দুৰ্গা পূজাৰ আনন্দৰ মাজতে আজি জোনাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে তেলামৰ পৰা পাচিঘাটৰ দিশে গৈ থকা যাত্ৰীবাসী মেজিক আৰু পাচিঘাটৰ পৰা ডিব্ৰুগড় দিশে গৈ থকা এখন কাৰৰ মাজত জোনাই নাহৰ বন্দনা সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মুখামুখি সংঘৰ্ষ হয়।
এই ভয়াবহ পথ দুৰ্ঘটনাত ৮ জন লোক গুৰুতভাৱে আহত হয়। আহত ব্যক্তিসকল ক্ৰমে ডিব্ৰুগড় চিৰাং চাপৰিৰ গৌৰৱ মিশ্ৰ (৩৫), শিলা দেৱী (৬০), বিপুল গোৱালা, জোনাইৰ উজনি বিজয়পুৰৰ গংগা সিং টায়ে (১৯) জোনাই তেলামাৰ দীপামাণি পাতিৰ (২০), জোনাইৰ বৰং তেলিজানৰ অজিৎ দলে (২৪), অভি পেগু (২৫) অৰুণাচল প্ৰদেশ পাচিঘাটৰ সংগীতা শৰ্মা (৪৫) বুলি জানিব পৰা গৈছে। আহত ব্যক্তি কেইজনক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইপিনে গুৰুত্বভাৱে আহত শিলা দেৱী আৰু বিপুল গোৱালাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।