গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাৱৈত সোমাল যাত্ৰীবাহী বাছ...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ গড়েৰহাটত। এজন বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত সোমাল যাত্ৰীবাহী এখন বাছন।

Advertisment

এই দুৰ্ঘটনাত অতি কমেও বাছখনৰ ২৫ জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনাত পতিত হোৱা বাছখন কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখে আহি আছিল।

বাছখনত অতি কমেও আছিল ৫০ জন যাত্ৰী। আহত যাত্ৰীসকলক ততাতৈয়াকৈ হালাকুৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাছখন উদ্ধাৰ কৰিছে।

road accident golokganj