/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ecaf05ea-34b5-4284-a2b1-1fe38a5d56b6/ghilamara_26.jpg)
ghilamara
ডিজিটেল সংবাদ ঢকুৱাখনা: গোগামুখৰ পৰা ঘিলামৰা হৈ ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাই পথটো দিনক দিনে মৰণ ফাণ্ডলৈ পৰ্যবসিত হৈছে। পথ চোৱাৰ ঢকুৱাখনা মহকুমাৰ সীমাৰ পৰা ঘিলামৰা সদৰ তিনি আলি পৰ্যন্ত বিভিন্ন অংশত ভাঙি ছিঙি উচন গৈ মৰণ ফাণ্ডলৈ পৰ্যবসিত হোৱাৰ বাবে দৈনিক ব্যাপক হাৰত পথ দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে।
লোকনিৰ্মাণ বিভাগৰ অমনোযোগিতা আৰু অবিবেচকী পদক্ষেপৰ বাবে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰা প্ৰায় ১৮ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাত সোমবাৰে নিশা সংঘটিত হয় এক পথ দুর্ঘটনা । পথ চোৱাৰ চামপৰা অংশৰ জৰাজীৰ্ণ অংশত পৰি সোমবাৰে নিশা এগৰাকী বাইক চালক গুৰুতৰ ভাবে আহত হয় ।
গোগামুখৰ দিশৰ পৰা ঘিলামৰা দিশে এখন বাইক লৈ আহি থকা অৱস্থাত ৰুদ্ৰ কোঁৱৰ নামৰ ঢকুৱাখনা লাহিবাৰী অঞ্চলৰ এজন যুৱক চামপৰা অংশত দুৰ্ঘটনাত পতিত হয়। মূৰ ,বুকু ,হাত ভৰিত গুৰুতৰ ভাবে জখম হোৱা যুৱকজনক ৰাইজৰ সহযোগত ঘিলামৰা থানাৰ আৰক্ষী বিষয়া হেমন্ত কুমাৰ কোঁৱৰে গৈ উদ্ধাৰ কৰি ঘিলামৰা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত লখিমপুৰলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে ।