/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/BOKAKHAT-30.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ ট্ৰাক চালকৰ দৌৰাত্ম্যই সাধাৰণ লোকৰ জীৱনৰ প্ৰতি কঢ়িয়াই আনিছে প্ৰৱল ভাবুকি। আজি বোকাখাতত এনে উদণ্ড ট্ৰাক চালকৰ বাবেই ভাবুকি নামি আহিছিল যানবাহন আৰক্ষীৰ জীৱনৰ প্ৰতি। সদাব্যস্ত বোকাখাত চাৰি আলিৰ মাজত যি ট্ৰেফিক পইণ্ট আছে সেই ট্ৰেফিক পইণ্টতে খুন্দা মাৰে এখন ট্ৰাকে।
ফলত ট্ৰেফিক পইণ্টটো ভাঙি চুৰমাৰ কৰে। অসমৰ উজনি-নামনি যাতায়ত কৰা বাহন নিয়ন্ত্ৰনৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত থকা বোকাখাত চাৰিআলিত অৱস্থিত যানবাহন কক্ষটোক AS 23BC 0997 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে যান-বাহন নিয়ন্ত্ৰণ কক্ষত কৰ্মৰত আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি দুৰ্ঘটনাস্থলিত সৃষ্টি হয় চেপা উত্তেজনাৰ।