বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুখন বাহনৰ মুখামুখি সংঘৰ্ষ...

author-image
Asomiya Pratidin
New Update
বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুখন বাহনৰ মুখামুখি সংঘৰ্ষ...

road accident

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বগীবিল দলঙত। আজি পুৱাই সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ ফলত দুখনকৈ বাহন দলঙৰ ওপৰতে বাগৰি পৰাৰ লগতে থিতাতি নিহত হৈছে এজন লোক।

Advertisment

এই দুৰ্ঘটনাত এখন পাজেৰ' আৰু ফৰছুনাৰৰ মুখামুখি সংঘৰ্ষ হয়। ফলত দুয়োখন বাহন দলঙৰ ওপৰতে বাগৰি পৰে। ইয়াৰে এখন বাহনে মাছ বিক্ৰী কৰিবলৈ অহা আন দুখন বাইককো মহতিয়াই নিয়ে। দুয়োখন বাহন তীব্ৰ বেগী হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে।

ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী। আনহাতে আন এজন লোক এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয়। ঘটনাৰ পিছতে কিছু সময়ৰ বাবে ৰাজপথত সৃষ্টি হয় যায়জট। দিপাৱলীৰ পুৱাই সংঘটিত হোৱা এই ঘনটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

assam bogibeel road accident