/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ বৰঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত লোকজনক ৰাজ কিশোৰ সিং বুলি চিনাক্ত কৰা হৈছে । ৰাজ কিশোৰৰ ঘৰ শিৱপুৰ হাওৰাত ।
উল্লেখযোগ্য যে, শনিবাৰে দিনৰ ভাগত বৰঘাটত এখন টেংকাৰ আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ লাগে । সংঘৰ্ষ সংঘটিত হোৱা টেংকাৰখনৰ নম্বৰ হৈছে এ এছ ০১ এফ চি ৩৩৯৫ আৰু ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০১ বি চি ৮২৩৬ ।
উল্লেখ্য যে, অক্সিজেন পৰিবাহী টেংকাৰখনৰ চালক আছিল ৰাজ কিশোৰ সিং । ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক তথা হেণ্ডিমেনজনে পলায়ন কৰে ।