/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fb3058b3-b3cc-4e2a-99fd-2e4eb0a8e7b7/1.jpg)
-
বাক্সাৰ শালবাৰীৰ সৰুগাতি গাঁৱত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংধটিত হৈছে।
-
দুৰ্ঘটনাত এগৰাকী ভাৰতীয় সেনাবাহিনীৰ জোৱান নিহত হয়।
-
ভৱানীপুৰ-মানাহ সংযোগী পথৰ দাঁতিত বাইকখনৰ সৈতে পৰি আছিল জোৱান গৰাকী।
-
পুৱাহে স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰে জোৱানগৰাকীক।
-
মৃত ভাৰতীয় জোৱান গৰাকীৰ নাম গোপী সূত্ৰধৰ(২৮) বুলি জানিব পৰা গৈছে।
-
ইতিমধ্যে ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
-
দুৰ্ঘটনাত পতিত বুলেট বাইকখনৰ নম্বৰ হ'ল- AS 12 AA 8498।
-
ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ ১৬৬নম্বৰ বেটেলিয়নৰ জোৱান গৰাকী ডিব্ৰুগড়ত কৰ্মৰত আছিল।