/asomiyapratidin/media/media_files/2025/03/20/5WsdR3VD9Mj1qH62NxjU.jpg)
ডিজিটেল ডেস্ক : আই পি এল আৰম্ভ হ’বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। হাতত থকা এইকেইটা দিনত প্ৰতিটো দলে চলাইছে ব্যাপক প্ৰস্তুতি। দলৰ মাজতে খেলিছে ভালেকেইখন প্ৰস্তুতি মেচ। ব্যতিক্ৰম নহয় প্ৰথম চেম্পিয়ন ৰাজস্থান ৰয়েলছ।
উল্লেখযোগ্য যে, দ্বিতীয় গৃহ চহৰ হিচাপে গন্য কৰা গুৱাহাটীত প্ৰস্তুতি শিবিৰ সামৰি দলটো উপস্থিত হৈছিল জয়পুৰত। বিগত কিছুদিন ধৰি দলটোৱে আনখন গৃহ চহৰ ৰাজস্থানৰ জয়পুৰত প্ৰস্তুতি শিবিৰ পাতিছে। এই শিবিৰত যোগ দিছে বিদেশী তাৰকা খেলুৱৈয়েও।
প্ৰস্তুতি শিবিৰ চলি থকাৰ মাজতে বুধবাৰে দলটোৰ আন সদস্যসকলৰ সৈতে খেলে এখন প্ৰস্তুতি মেচ। এই মেচখনত স্বমহিমাৰে উজলি উঠে দলৰ অন্যতম তাৰকা বেটাৰ তথা অসমৰ ৰিয়াগ পৰাগ।
পৰাগে এই মেচখনত মাত্ৰ ৬৪ টা বলৰ সন্মুখীন হৈ বিস্ফোৰক ১৪৪ ৰানৰ ইনিংছ খেলে। তেওঁৰ এই বিস্ফোৰক ইনিংছটো সজাই ১৬টা বাউণ্ডেৰী আৰু ১০ টা বিশাল ছিক্সাৰেৰে।
ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছটোৰ ভি ডি অ’। তেওঁৰ এই বিশাল ইনিংছটোৰ বাবে সতীৰ্থ সঞ্জু ছেমছন, যশস্বী জয়ছোৱাল আৰু বন্ধু ধ্ৰুৱ জুৰেলে প্ৰশংসাৰে উপচাই দিছে। জয়ছোৱাল আৰু জুৰেলে ৰিয়ানক অভিনন্দন জ্ঞাপন কৰি কয়- “কি খেল খেলিছা বন্ধু ! চমৎকাৰ, আচৰিত।“