ৰিয়ান পৰাগৰ কান্ধত ৰাজস্থান ৰয়েলছৰ নেতৃত্বৰ দায়িত্ব...

ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম ঘোষণা। বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই ঘোষণা কৰে দলটোৰ অধিনায়কৰ নাম।

author-image
Asomiya Pratidin
New Update
riyan

ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম ঘোষণা। বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই ঘোষণা কৰে দলটোৰ অধিনায়কৰ নাম। প্ৰথন ৩খন মেচৰ বাবে নতুন অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে বিস্ফোৰক বেটছমেন তথা অসম সন্তান ৰিয়ান পৰাগক।

Advertisment

ফ্ৰেন্সাইজীটোৱে ৰাজহুৱা কৰা অনুসৰি আই পি এল ২০২৫ৰ প্ৰথম ৩খন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে। উল্লেখযোগ্য যে হায়দৰাবাদৰ পৰাই ৰাজস্থানে আৰম্ভ কৰিব এইবাৰৰ আই পি এল অভিযান। 

প্ৰথমখন মেচ খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। এই মেচখনত অনুষ্ঠিত হ’ব ২৩ মাৰ্চত। একেদৰে দ্বিতীয় আৰু তৃতীয় মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। ইয়াৰে দ্বিতীয়খন মেচ হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু আনখন চেন্নাইৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে দলটোৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনে এই তিনিওখন মেচত এগৰাকী বেটছমেন হিচাপে খেলাৰ কথা সদৰী কৰে ফ্ৰেন্সাইজীটোৱে।

riyan parag ipl