/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c120f39e-caa2-4939-af6c-538dcd24a48c/inspection.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ মাজ মজিয়াৰে চিৰ প্ৰবাহিত চাৰিকঢ়িয়া নদীৰ ধাৰাবাহিক গৰাখহনীয়াই বিপৰ্যস্ত কৰি তুলিছে বৃহত্তৰ মহঘুলি চাপৰিবাসীৰ জনজীৱন। বিগত প্ৰায় এটা দশক ধৰি নদীখনে চাৰিকঢ়িয়া দলঙৰ সমীপৰ পৰা মৌখোৱা পৰ্যন্ত নিৰন্তৰ হাৰত গৰা খহনীয়া চলাই ঢকুৱাখনাৰ ভূখণ্ড গ্ৰাস কৰি আহিছে । শেহতীয়া ভাৱে নদীখনে ঢকুৱাখনা নগৰৰ মহঘুলী মিচিং গাঁওৰ পৰা কাৰচাং দলুং পৰ্যন্ত বিস্তৰ এলেকাত শিহৰণকাৰী খহনীয়া চলাই অঞ্চলটোলৈ ভয়াৱহ আৰু অশনি সংকেত নমাই আনিছে।
নদীখনে আগ্ৰাসী ৰূপ লৈ অঞ্চলটোৰ বসতি প্ৰধান এলেকাৰ দিশে ধাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসীক এই সমস্যাৰ পৰা স্থায়ী সকাহ দিয়াৰ মানসেৰে বুধবাৰে খহনীয়া গ্ৰস্ত এলেকা পৰিদর্শন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে । ঢকুৱাখনা জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, সদৌ মিচিং ছাত্ৰ সন্থা, মিচিং সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ দলে, যতীন পেগু, ক্ষীৰোদ পেগু, দীপাঞ্জল দলে, সৰলা পেগু, পূৰ্ণিমালা পাতিৰ, দীপালি লাগাচু, ৰিংকু মণি দলে, ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে, ভূপেন দলে, বৃগেন দলে, যতীন পেগু, মোহন পেগু, দ্বীপেন দলে, লক্ষ্য নাথ দলে, অমৰজিত দলে আদিৰ সহযোগত অধ্যক্ষ পেগুৱে সমগ্ৰ খহনীয়া বিধ্বস্ত এলেকা পৰিদর্শন কৰি স্থানীয় ৰাইজৰ সতেও মুৰং অক্কুমত আলোচনাত মিলিত হয়।
অধ্যক্ষ গৰাকীয়ে খহনীয়াৰ ভয়াবহতালৈ লক্ষ্য কৰি প্ৰাথমিক পৰ্য্যায়ত পৰিষদৰ ২০২২-২০২৩ বিত্তীয় বর্ষৰ শিতানৰ পৰা ১০ লাখ টকা আৱন্তন দিয়াৰ কথা ঘোষণা কৰে ৰাজহুৱা ভাৱে। জলসম্পদ বিভাগৰ কাৰিকৰী তদাৰকীত অহা বর্ষৰ জানুৱাৰী মাহৰ পৰা কাম আৰম্ভ কৰি পকী পৰ্কীউপাইন সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দি পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে অধিক পুঁজি আৱন্তন দিয়াৰ সম্ভাৱনীয়তা ব্যক্ত কৰে।