হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৰৈয়নীৰ ঋতুপৰ্ণা হাজৰিকাৰ সাফল্য : বহুকেইগৰাকী শুভাকাঙ্খীৰ সহায়ৰ হাত

সফলতা প্ৰাপ্তিক কোনো সমস্যাই কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। প্ৰতিভা থাকিলে যি কোনো সময়তে সি বিকশিত হৈ এন্ধাৰ বিনাশ কৰি পোহৰৰ দিশে ধাৱমান হ’বই। এই কথাকে প্ৰমাণিত কৰিলে নগাঁৱৰ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ ঋতুপৰ্ণা হাজৰিকা। 

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৰৈয়নীৰ ঋতুপৰ্ণা হাজৰিকাৰ সাফল্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৰৈয়নীৰ ঋতুপৰ্ণা হাজৰিকাৰ সাফল্য

ডিজিটেল সংবাদ, নগাঁও : সফলতা প্ৰাপ্তিক কোনো সমস্যাই কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। প্ৰতিভা থাকিলে যি কোনো সময়তে সি বিকশিত হৈ এন্ধাৰ বিনাশ কৰি পোহৰৰ দিশে ধাৱমান হ’বই। এই কথাকে প্ৰমাণিত কৰিলে নগাঁৱৰ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ ঋতুপৰ্ণা হাজৰিকা। 

Advertisment

মেধাৱী ছাত্ৰীগৰাকীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষন্ত পৰীক্ষাৰ ফলফলত সাফল্য বুটলিবলৈ সক্ষম হৈছে। ঘৰুৱা বিভিন্ন সমস্যা, অশান্তিক একাশৰীয়া কৰি নিষ্ঠা, একাগ্ৰতা, অধ্যাৱসায় আৰু কৰ্ষণৰ দ্বাৰা ছাত্ৰীগৰাকীয়ে দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়াল তথা অঞ্চলবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে।

উল্লেখযোগ্য যে, দ্বীপেন হাজৰিকাৰ কন্যা ঋতুপৰ্ণাৰ এই সাফল্যত আনন্দিত হৈছে অগ্ৰণী বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান ৰুমী- ৰূপকৰ হকাৰ তথা চুবুৰীয়া দোকানী সন্থা। একেদৰে অঞ্চলটোৰ ৰাইজেও আনন্দ প্ৰকাশ কৰিছে।   

ছাত্ৰীগৰাকীৰ এই সাফল্যৰ মুহূৰ্তত ৰুমী- ৰূপকৰ হকাৰকে ধৰি ৩৪গৰাকী শুভাকাঙ্খীয়ে নগদ ধনেৰে পুৰস্কৃত কৰে। শুভাকাঙ্খীসকলৰ ভিতৰত হৰেশ্বৰ বৰাই ১০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়।

একেদৰে অপু দাস, বিৰিঞ্চি বৰা, ৰিয়াজ আহমেদ, ভূপেন মহন্ত, দীপক কলিতা, গোলাপ বৰা, বীৰেণ ভূঞা, আবু বক্কৰ ছিদ্দিক, বিংশ শতাব্দী, হিৰণ্য কুমাৰ বৰা, ধন কুমাৰ বৰা, দিব্যজ্যোতি শৰ্মা, হেমেন দাস, খগেন খাউণ্ড, দুলাল শৰ্মা, অজিত মহেশ্বৰী, সমৰ দেৱ, বিপুল বৰা, সমীৰণ শৰ্মা, মনোৱাৰ হুছেইন, সঞ্জয় দত্ত, ইমতিয়াজ আদমেদ, হৰি দাস, ভূপেন কলিতা, ভাস্কৰ বিন্দু দাস, ইমৰাণ হুছেইন, চিৰাজ হক, পৰাণ মহন্ত, উত্তম ৰক্ষিত, পৰিতোষ বৰ্মণ, প্ৰয়াগ শইকীয়া আৰু দেৱেন শইকীয়াই সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়াই ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

nagaon