ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত ভাৰতীয় মূলৰ ঋষি চুনাক, যদিহে...

ব্ৰিটেইনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি চুনাক হ'ব পাৰে দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।

author-image
Asomiya Pratidin
New Update
ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত ভাৰতীয় মূলৰ ঋষি চুনাক, যদিহে...

ডিজিটেল ডেস্ক: ব্ৰিটেইনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি চুনাক হ'ব পাৰে দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰতিদ্বন্দী পেনি মৰ্ডণ্টে ১০০ জন সাংসদৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হ'লেহে এই সুযোগ লাভ কৰিব।

Advertisment

ইতিমধ্যে ১৪২ জন সাংসদৰ সমৰ্থন কৰিছে সুনকক অন্যহাতে পেনি মৰ্ডণ্টৰ বৰ্তমান ২৯ জন সাংসদে সমৰ্থন কৰিছে।

পেনি মৰ্ডণ্টে সোমবাৰে স্থানীয় সময় অনুসৰি দিনৰ ২বজাৰ ভিতৰত ১০০ জন সাংসদৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহয় তেন্তে ঋষি পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। কনজাৰ্ভেটিভ পাৰ্টিৰ নিয়ম অনুসৰি, প্ৰধানমন্ত্ৰীৰ বাবে কমেও ১০০ জন সাংসদৰ সমৰ্থন থকাটো প্ৰয়োজনীয়। যদি দুজন প্ৰাৰ্থী থাকে তেন্তে তেওঁলোকৰ মাজত প্ৰতিযোগিতা হ'ব। শুক্ৰবাৰৰ ভিতৰত ১,৭০,০০০ টৰী সদস্যই অনলাইন ভোট দিব।

prime minister Rishi Sunak britain