/asomiyapratidin/media/media_files/2025/01/20/r4QKdLce4VVL7UYp7niM.png)
ভাৰতীয় অৰ্থনীতিৰ উত্থান : ২০২৫-২৬ বিত্তীয় বৰ্ষত বৃদ্ধি পাব নিয়োগ...
ডিজিটেল ডেস্ক : অতি শেহতীয়াকৈ দেশৰ অৰ্থনীতিয়ে কঢ়িয়াই আনিছে আশাৰ কিৰণ। দেশৰ অৰ্থনীতিৰ উত্থানে ২০২৫- ২৬ বিত্তীয় বৰ্ষত দেশত বৃদ্ধি কৰিব নিয়োগ ব্যৱস্থা। এই আশা প্ৰকাশ কৰিছে ভাৰতীয় উদ্যোগ পৰিষদ চমুকৈ চি আই আয়ে।
পৰিষদে চলোৱা সমীক্ষা অনুসৰি বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ প্ৰতি আস্থা বৃদ্ধি পাইছে ব্যক্তিগতখণ্ডৰ কোম্পানীৰ। যাৰ বাবে দেশৰ ৭৫ শতাংশ কোম্পানীয়ে বিনিয়োগ কৰিবলৈ আগ্ৰহ ব্যক্ত কৰিছে। সম্প্ৰতি ভাৰতীয় অৰ্থনীতিৰ অৱস্থা অনুকূল, তেনে পৰিপ্ৰেক্ষিতত ব্যক্তিগতখণ্ডৰ কোম্পানীসমূহে দেখুওৱা এই আগ্ৰহ অনাগত দিনৰ বাবে শুভ লক্ষণ বুলি চি আই আইৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে মন্তব্য কৰে।
সমীক্ষা অনুসৰি ২০২৬ বিত্তীয় বৰ্ষত দেশৰ ৭০ শতাংশ প্ৰতিষ্ঠানে বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই দিশৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে অদূৰ ভৱিষ্যতে ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ব্যক্তিগত খণ্ডৰ বিনিয়োগ, নিয়োগ আৰু মজুৰিৰ ধাৰা বৃদ্ধিৰ মূল্যায়নৰ বাবে চি আই আয়ে উদ্যোগ সমীক্ষা আৰম্ভ কৰিছিল। নীতিগত আলোচনাত নিয়োগ সৃষ্টিয়ে কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰিছে।
ইয়াৰ উপৰি সমীক্ষাত প্ৰকাশ পাইছে যে ৯৭ শতাংশ প্ৰতিষ্ঠানে বিত্তীয় বৰ্ষ ২৫ আৰু ২৬ত নিয়োগ বৃদ্ধিৰ আশা কৰিছে। বিগত তিনি বছৰত ৭৯ শতাংশ লোকে নিজৰ কৰ্মশক্তি বৃদ্ধি কৰা বুলিও সমীক্ষাত উল্লেখ কৰে।