/asomiyapratidin/media/media_files/2025/04/16/11IOK7n7yvMSNv8tI5Xj.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজীৱ ভৱনত পঞ্চায়ত নিৰ্বাচনক লৈ এখন সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাই ৷ ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰাৰ লগতে ভয়-ভাবুকি দি মনোনয়ন বাতিল কৰিব খোজাৰ অভিযোগ আনে ৷
বৰাই সংবাদমেলত কয় যে, বিজেপিয়ে ভয়-ভাবুকি প্ৰদান কৰি পঞ্চায়ত নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে ৷ বিজেপি হতাশাগ্ৰস্ত, ভীতিগ্ৰস্ত হৈছে ৷ বিজেপিয়ে প্ৰথমতে অ’ভাৰ কনফিডেন্স আছিল যে কংগ্ৰেছে আমাৰ ৱাক-অভাৰ দিব৷ কংগ্ৰেছে প্ৰাৰ্থী, নিদিব৷ এনে এটা ধাৰণা লৈ আছিল বিজেপিয়ে৷
অৱশেষত যেতিয়া দেখিলে যে, চাৰিওফালে কংগ্ৰেছৰ প্ৰাৰ্থী হ’বলৈ মানুহ ওলাই আহিছে ৷ যেতিয়া মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া বিজেপি আঁচৰিত হৈ গ’ল ৷
বিজেপিয়ে দেখিলে যে আমি ভাবি থকা ছবিখনতকৈ বেলেগ ৷ যিধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীসকল ওলাই আহিল৷ বিজেপিয়ে ভাবিছিল জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তত ৬০ শতাংশ প্ৰতিদ্বন্দ্বী নাথাকিব৷ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৫০ শতাংশ প্ৰতিদ্বন্দ্বী নাথাকিব বুলি ভাবিছিল ৷
কংগ্ৰেছে মানুহ দিব নোৱাৰিব বুলি গাঁওবিলাকত প্ৰচাৰো চলাইছিল ৷ বিজেপিৰ নেতাই বিভিন্ন ধৰণে ভয়-ভাবুকি দিছে ৷ ঘৰ কাটি দিম, অৰুণোদয় কাটি দিম, আঁচনি কাটি দিম বুলি ভাবুকি দিছিল ৷ কিন্তু সকলো ভয়-ভাবুকিক আওকাণ কৰি ৰাজ্যখনৰ চাৰিওফালে কংগ্ৰেছ কৰ্মীসকলে পঞ্চায়তৰ প্ৰাৰ্থিত্ব ল’বলৈ আহিল ৷
ইয়াৰ ফলত বিজেপি ভীতিগ্ৰস্ত হৈছে ৷ ৰিপুন বৰাই বিজেপিয়ে কংগ্ৰেছক ভয় কৰাক কটাক্ষ কৰি কয় যে বিজেপি যদি ইমান জনপ্ৰিয়, মুখ্যমন্ত্ৰীয়ে ইমান ডাংকোপ মাৰি জয়ী হোৱাৰ কথা কৈ আছে, কংগ্ৰেছ নায়েই বুলি কৈ আছে, তেতিয়াহ’লে মনোনয়ন দিয়াত ইমান ভয় কিয় ? মনোনয়ন যদি দিবই নোৱাৰে তেন্তে নিৰ্বাচন পতাৰ প্ৰয়োজন নাই৷
ঠাইবিশেষে বিজেপিৰ ভিতৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হৈছে বুলি দাবী কৰি ৰিপুন বৰাই কয় যে, গহপুৰত লোহিতমুখ পঞ্চায়তত জনতা কাৰদং নামৰ এজন নেতাৰ নেতৃত্বত এহেজাৰ কৰ্মীয়ে পদত্যাগ কৰিছে ৷ কেৱল পদত্যাগ কৰাই নহয় ৰেলী কৰি আহি বিডিঅ’ অফিচনত মনোনয়ন দিছে ৷
সেই সময়তে সকলোৱে বিধায়কক গ’বেক ধ্বনি দি অপদস্থ কৰিছে ৷ এনেকুৱা বহু ঘটনাৰ বাবে বিজেপি হতাশগ্ৰস্ত হৈছে ৷ হতাশগ্ৰস্ত হৈ বিজেপিৰ পুহি ৰখা গুণ্ডাসকলে হিংসাত্মক ঘটনা কৰিবলৈ ধৰিছে ৷ গুণ্ডাসকলৰ উদ্দেশ্যে হৈছে হিংসাত্মক কাৰ্য কৰিলে কংগ্ৰেছ কৰ্মীয়ে ভয় খাব ৷ কংগ্ৰেছ কৰ্মী নিৰ্বাচনত নালাগিব৷ ঘৰত সোমাই থাকিব৷ এতিয়া এজেণ্ডা হিচাপে লৈ হিংসাৰ আশ্ৰয় লৈছে ৷
কংগ্ৰেছে তিনিখন এজাহাৰ দাখিল কৰাৰ তথ্য দাঙি ধৰি বৰাই কয় যে ১১ এপ্ৰিলত চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন দাবিলৈ আহোঁতে বিজেপিয়ে বাধা দি মাৰপিট কৰিছে ৷ ৰূপহী আৰক্ষীক এজাহাৰ দিছে কিন্তু আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই ৷ দেশত আইন, গণতন্ত্ৰ ক’ত গৈছে ? উপ-নিৰ্বাচনৰ পৰা কংগ্ৰেছীৰ ওপৰত আক্ৰমণ হৈ আছে৷ চামগুৰিত সাংসদৰ ওপৰতো আক্ৰমণ হোৱাত আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই৷
একেটা দিনতে শোণতিপুৰ জিলাৰ ন-দুৱাৰ ব্লকত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মনোনয়ন দিবলৈ অহা কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন কাঢ়ি নিয়ে ৷ ফালি পেলাইছে ৷ শোণিতপুৰ কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিক আক্ৰমণ কৰা হৈছে ৷
তিনিখন এজাহাৰ দিয়া হৈছে ৷ প্ৰাৰ্থী, জিলা সভাপতি আৰু আক্ৰমণত আঘাতপ্ৰাপ্তসকলে এজাহাৰ দাখিল কৰিছে ৷ নিৰ্বাচন আয়োগক স্মাৰক দিছে ৷ একো ব্যৱস্থা নল’লে বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে ৷
লগতে কয়- দাদুল বৰকাকতি আজিও হাস্পতালত আছে ৷ পদ্ম হাজৰিকাৰ গুণ্ডা আৰু বিজেপিৰ নামধাৰী পোহনীয়া গুণ্ডাই তেওঁক আক্ৰমণ কৰিছিল ৷ ১২ এপ্ৰিলত গহপুৰৰ পূব ছয়দুৱাৰ ব্লকত মনোনয়নৰ স্ক্ৰুটিনী আছিল ৷
নিশা ৭ বজালৈ স্ক্ৰুটিনীৰ অন্তত তালিকা প্ৰকাশ কৰা নাছিল ৷ নিয়মমতে ৩ বজাতে তালিকা প্ৰকাশ কৰিব লাগে ৷ নিশা প্ৰায় ৭.৩০ বজাত স্থানীয় বিধায়ক উৎপল বৰা উপস্থিত হৈ লগত সাংগোপাংগো লৈ আহে ৷
বিজেপিৰ মনোনয়ন বাতিল হৈছে ৷ মহিলাৰ বাবে সংৰক্ষিত ঠাইত পুৰুষে মনোনয়ন দিছে ৷ নিশা ভয়-ভাবুকি দি মনোনয়ন গৃহীত কৰিবলৈ কয় ৷ সেই সময়তে ব্লক সমিতিৰ সভাপতি হেম বৰুৱাক বেয়াকৈ মাৰ-ধৰ কৰিছে বুলি বৰাই মন্তব্য কৰে৷
আমি অসমৰ ৰাইজক কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত গণতন্ত্ৰ বিপন্ন হৈছে ৷ এই নিৰ্বাচনক মহাত্মা গান্ধীয়ে গ্ৰাম্য এলেকাৰ আত্মা বুলি কয় ৷ কিন্তু বিজেপিয়ে গুণ্ডাগিৰি, ফেচীবাদ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো বুলি সংবাদমেলত তেওঁ মন্তব্য কৰে৷
লগতে তেওঁ মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰশ্ন কৰে যে, এয়াই নেকি তোমাৰ গৃহ বিভাগৰ নমুনা ? মানুহ আঘাতপ্ৰাপ্ত হৈ হাস্পতালত আছে ৷ এজাহাৰ দিয়া হৈছে ৷ দুষ্কৃতিকাৰীৰ নাম এজাহাৰত উল্লেখ আছে ৷ তথাপি দুষ্কৃতিকাৰীক নধৰিব ৷ এইবিলাক কৰিবলৈ তোমাৰ চৰকাৰ নেকি ?
বিহুৰ পৱিত্ৰ ক্ষণত বৰাই অসমবাসীক কয় যে, সকলোৱে গণতন্ত্ৰ ৰক্ষাৰ বাবে ওলাই আহক ৷ কংগ্ৰেছে বিজেপিক কেতিয়াও ভয় নকৰে বুলি বৰাই দাবী কৰি কয় যে, আমি শক্তিশালী ব্ৰিটিছক ভয় কৰা নাছিলো ৷ ব্ৰিটিছিৰ গুলীত হাজাৰ মানুহ মৰিছে, মানুহ ফাঁচিত ওলমিছিল ৷ তথাপি কংগ্ৰেছে ভয় কৰা নাছিল ৷ তোমালোকে আজি কংগ্ৰেছক ভয় খুৱাবলৈ আহিছা ৷ আলফাৰ দিনত এপিনৰ পৰা কংগ্ৰেছ নেতাক মাৰি শেষ কৰিছিল ৷ কিমান নিৰ্যাতন চলিছিল ৷ তথাপি কংগ্ৰেছে সাহসেৰে যুঁজিছিল৷
উল্লেখযোগ্য যে, বিজেপিয়ে তোমালোক কোন বুলি প্ৰশ্ন কৰি ৰিপুন বৰাই কয় যে, গুণ্ডামি কৰি কংগ্ৰেছক বিৰত ৰাখিব নোৱাৰিবা ৷ বিজেপিক সকীয়াই দিছো, তোমালোকৰ যি বুলেটবাজি কৰিছে তাৰ উত্তৰ আমি বেলেটৰে দিম৷ ৰাইজে বিজেপিক বেলটপেপাৰত উত্তৰ দিব৷