/asomiyapratidin/media/media_files/2025/03/22/l4i8TMJ8rZHoev6wBSX8.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: অসম বিধান সভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গুণ্ডাৰ দৰে চলোৱা অপ্ৰীতিকৰ আচৰণক লৈ আজি গহপুৰত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই।
বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কৰ তেনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে, এই ঘটনা নজিৰবিহীন আৰু অতি লজ্জাজনক। বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গণতন্ত্ৰ আৰু সংবিধানক অপমান আৰু লজ্জিত কৰিছে। কুৰ্মীৰ আচৰণেই এতিয়া বিজেপিৰ পৰিচয়।
লগতে কয় যে, অসমত এতিয়া বিজেপিৰ গুণ্ডাগিৰীয়ে চূড়ান্ত পৰ্যায় পাইছে। বিজেপিৰ পৃষ্ঠপোষকতাত জংঘলৰাজ চলিছে অসমত। পৱিত্ৰ সদনৰ মৰ্যদা হানি কৰি শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণৰ পৰা অসমৰ ভৱিষ্যতকলৈ অসমবাসীয়ে চিন্তা কৰাৰ সময় আহি পৰিছে।