/asomiyapratidin/media/media_files/2025/02/10/vUZELxHRudn4ngHVwhtF.jpg)
ডিজিটেল সংবাদ,ওদালগুৰি: আজি বিটিচি চুক্তি স্বাক্ষৰ দিৱস। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল এই বিটিচি চুক্তি। বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বিভিন্ন প্ৰান্তৰ লগতে আজি ওদালগুৰি চহৰতো পালন কৰা হয় ২৩ সংখ্যক বিটিচি চুক্তি দিৱস।
ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা দিৱসটিৰ পুৱা বিপিএফৰ দলীয় পতাকা উত্তোলন কৰে জিলা বিপিএফৰ সভাপতি ৰিহন দৈমাৰীয়ে। ইয়াৰ পাছত স্মৃতি তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
দিৱস সন্দৰ্ভত সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰদান কৰি ৰিহন দৈমাৰীয়ে কয়, "আজি ২৩ সংখ্যক বিটিচি চুক্তি দিৱসৰ দিনটোত সমূহ ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছো। বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি আমি ওদালগুৰিতো এই দিৱস পালন কৰিছো। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় এয়েই যে বিটিচি চুক্তিৰ দ্বাৰাই বিটিচিত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছিল।
কিন্তু বৰ্তমান বিটিচিৰ শাসনাধীস্থ চৰকাৰখনে আজি এই দিৱসটো পালন কৰা নাই। বিটিচি চুক্তি নোহোৱাহেতেন তেওঁলোকে আজি মুখ্য কাৰ্যৱাহী, উপ-মূখ্য কাৰ্যবাহী ইত্যাদি হব নোৱাৰিলেহেতেন। এই সুযোগতে বড়ো আন্দোলনত যিসকল লোক শ্বহীদ হৈছিল তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এই বিটিচি চুক্তিৰ জৰিয়তে বিটিচি অঞ্চলত উন্নয়ণ আৰু শান্তিৰ পৰিৱেশৰ লগতে সাংবিধানিক ৰক্ষাকবচ লাভ কৰিছো।
বিটিচি চুক্তিৰ জৰিয়তে কোকৰাঝাৰত বড়োলেণ্ড বিশ্ববিদ্যালয়, ইঞ্জিয়াৰিং কলেজ, চিআইটি, চিকিৎসা মহাবিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান লাভ কৰিছে বিটিচিৱাসীয়ে। চুক্তিখনৰ জৰিয়তে বিটিচি অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি হ'ল। আনকি বিটিচি চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰ অহম চৰকাৰৰ পৰা বহু পেকেজ লাভ কৰি জনসাধাৰণৰ উন্নতি সাধন হৈছিল। গতিকে আজীৰ দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ দিন।"
কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক চৰণ বড়োৱে কয়, "আজি আমাৰ বাবে এক বিশেষ দিন। বিপিএফ দল হিচাপে আমি জন্মলগ্নৰ পৰাই এই দিনটো পালন কৰি আহিছো। বিটিচি চুক্তিৰ ক্ষেত্ৰত জৰিত প্ৰতিগৰাকী জীৱিত বা মৃত ব্যক্তিক সন্মান জনাইছো। আমি বিটিচি শাসন কৰা অৱস্থাৰ পৰাই এই দিৱস পালন কৰিছো। আশা কৰিছিলো বৰ্তমান যিসকল লোক বিটিচিত চৰকাৰ চলাই আছে তেওঁলোকেও আজিৰ এই দিৱসটো পালন কৰিব। কিন্তু তেওঁলোকে নতুন চুক্তি স্বাক্ষৰ হোৱাৰ পাছত বিটিচি চুক্তিৰ গুৰুত্ব নাই বুলি কয়।"
যিহেতু তেতিয়াৰ বিটিচিখন বৰ্তমানেও বিটিচি হিচাপেই আছে গতিকে শাসনাধীষ্ঠ চৰকাৰখনেও আজিৰ এই দিৱসটো পালন কৰিব লাগিছিল বুলি ক্ষোভ প্ৰকাশ কৰে। আজি ওদালগুৰিত অনুষ্ঠিত এই কাৰ্যসূচীত এমচিএলএ ফ্ৰেচ মোছাহাৰী, জিলা বিপিএফৰ সাধাৰণ সম্পাদক ফাদাৰাম বড়ো, জ্যেষ্ঠ বিপিএফ নেতা ৰবিনচন মোচাহাৰীৰ লগতে জিলা বিপিএফৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।