/asomiyapratidin/media/media_files/2025/08/04/rihan-doimari-4-2025-08-04-23-21-10.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ আগন্তুক বি টি আৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি হঠাৎ বি টি আৰৰ ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বি পি এফে। ইয়াৰ ভিতৰত ওদালগুৰি জিলাৰ তিনিটাকৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে।
ইয়াৰ ভিতৰত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, ধনশ্ৰী বিধানসভা সমষ্টিৰ বাবে বৰ্তমানৰ পাৰিষদ ফ্ৰেছ মোছাহাৰী, আৰু খৈৰাবাৰী সমষ্টিৰ বাবে লৌমশ্ৰাও দৈমাৰীৰ নাম ঘোষণা কৰে দলটোৱে। নাম ঘোষণাৰ পাছতে আজি সন্ধিয়াৰ ভাগত ওদালগুৰিত উপস্থিত হয় ৰিহন দৈমাৰী।
দলৰ কাৰ্যালয়ত উপস্থিত দৈমাৰীক আদৰি আনে দলটোৰ নেতা, কৰ্মীয়ে। ইয়াৰ পাছত সাংবাদিকৰ সন্মুখত মন্তব্য কৰি দৈমাৰীয়ে কয়, "মই বি পি এফ দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীকে ধন্যবাদ জনাইছো। প্ৰাৰ্থী তালিকা ঘোষণাৰ লগে লগে মোক আজি যেনেদৰে আদৰিলে, মই কৃতজ্ঞতা জনাইছো। নিশ্চিতভাৱে এইবাৰ ভৈৰৱকুণ্ড সমষ্টিত আমি জয়ী হ’ব পাৰিম।
তেওঁ আৰু কয়, যিহেতু আমি চৰকাৰ গঠন কৰিমেই, সেয়েহে এইবাৰ বিধায়ক, প্ৰাক্তন বিধায়কক প্ৰাৰ্থিত্ব দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছিলো, সেইমৰ্মে আজি প্ৰাৰ্থী ঘোষণা কৰিলে দলৰ শীৰ্ষ নেতৃত্বই। এইবাৰ এয়া আছিল আমাৰ নতুন সিদ্ধান্ত। বি টি চিক উন্নয়ণ কৰিবলৈ এগৰাকী অভিজ্ঞতাপূৰ্ণ নেতাৰ প্ৰয়োজন হয়।
তেওঁ আৰু কয় এইবাৰ আমি অভিজ্ঞতা থকা লোকেৰে চৰকাৰ গঠন কৰিম। বি টি চিত যাতে সকলো জাতি, জনগোষ্ঠীৰ উন্নয়ণ কৰিব পাৰো, আমাৰ মূল লক্ষ্য এয়াই।"
উল্লেখ্য যে বি টি আৰত বি পি এফ-ইউ পি পিএলৰ মিত্ৰতাৰ প্ৰসঙ্গ চলি থকাৰ মাজতে হঠাৎ বিপিএফ দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত দুই দলৰ মিত্ৰতাৰ বিষয়টো যেন ইমানতে সামৰণি পৰিব সেয়া প্ৰায় নিশ্চিত।