Advertisment

Mr Beast: বিশ্বৰ সবাতোকৈ ধনী ইউটিউবাৰৰ বিয়া...

বিশ্বৰ সবাতোকৈ ধনী তথা জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিষ্ট (Mr Beast)ৰ  বিয়া ঠিক হৈছে। শেহতীয়াকৈ ইউটিউবাৰগৰাকীয়ে নিজেই ৰাজহুৱা কৰিছে এই খবৰ। ২৬বছৰীয়া ইউটিউবাৰগৰাকীয়ে নিজৰ বিয়াৰ কথা হঠাতে ৰাজহুৱা কৰাক লৈ সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হৈছে। 

author-image
Asomiya Pratidin
New Update
মিষ্টাৰ বিষ্ট

মিষ্টাৰ বিষ্ট Photograph: (মিষ্টাৰ বিষ্ট)

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ ধনী তথা জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিষ্ট (Mr Beast)ৰ  বিয়া ঠিক হৈছে। শেহতীয়াকৈ ইউটিউবাৰগৰাকীয়ে নিজেই ৰাজহুৱা কৰিছে এই খবৰ। ২৬বছৰীয়া ইউটিউবাৰগৰাকীয়ে নিজৰ বিয়াৰ কথা হঠাতে ৰাজহুৱা কৰাক লৈ সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হৈছে। 

Advertisment

মিষ্টাৰ বিষ্টৰ প্ৰেয়সীৰ নাম হৈছে থেৰা। বৰদিনৰ দিনটোতে তেওঁলোকে বিয়াৰ কথা ৰাজহুৱা কৰে। সকলো ঠিকে-ঠাকে থাকিলে ২০২৫বৰ্ষতে বিবাহপাশত আৱদ্ধ হব দুয়োগৰাকী প্ৰেমিক যুগল। মিষ্টাৰ বিষ্টৰ প্ৰেয়সী Stellenbosch Universityৰ পৰা মনোবিজ্ঞান আৰু আইন বিষয়ক ডিগ্ৰী গ্ৰহণ কৰিছে। 

শিক্ষাৰ সমান্তৰালভাৱে ইউটিউবৰ জগততো এটা চিনাকী নাম থেৰা। More Than Human শীৰ্ষক এটা ইউটিউব চেনেল পৰিচালনা কৰে থেৰাই। মিষ্টাৰ বিষ্ট আৰু থেৰাৰ প্ৰথম সাক্ষাত হৈছিল দক্ষিণ আফ্ৰিকাত। বৰ্তমান মিষ্টাৰ বিষ্টৰ ইউটিউব চেনেলত আছে ২৩৯মিলিয়ন অনুৰাগী। বিশ্বৰ ভিতৰতে মিষ্টাৰ বিষ্টৰ ইউটিউব চেনেলতে আছে সৰ্বাধিক অনুৰাগী। 

মিষ্টাৰ বিষ্টৰ আঁচল নাম Jimmy Donaldson। এই ইউটিউবাৰগৰাকীয়ে বাৰ্ষিক উপাৰ্জন কৰে ৫০০ৰ পৰা ৭০০মিলিয়ন ডলাৰ। তেওঁৰ ভিডিঅত প্ৰতিদিনে ১০০মিলিয়ন দৰ্শকৰ সমাগম ঘটে। 

ইউটিউবাৰ