আৰ জি কৰ কাণ্ড : ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি...

২০২৪ বৰ্ষৰ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল কনিষ্ঠ মহিলা চিকিৎসকক নিৰ্যাতন তথা হত্যাকাণ্ডৰ ঘটনা। এই দুৰ্ভাগ্যজনক ঘটনাৰ গোচৰৰ শুনানি অহা ২৯ জানুৱাৰীত অনুষ্ঠিত কৰিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে

author-image
Asomiya Pratidin
New Update
আৰ জি কৰ কাণ্ড : ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি... 

আৰ জি কৰ কাণ্ড : ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি... 

ডিজিটেল ডেস্ক : বিগত ২০২৪ বৰ্ষৰ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল কনিষ্ঠ মহিলা চিকিৎসকক নিৰ্যাতন তথা হত্যাকাণ্ডৰ ঘটনা। এই দুৰ্ভাগ্যজনক ঘটনাৰ গোচৰৰ শুনানি অহা ২৯ জানুৱাৰীত অনুষ্ঠিত কৰিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক প্ৰমুখ্য কৰি ন্যায়াধীশৰ বিচাৰপীঠে এই সিদ্ধান্তৰ বিষয়ে বুধবাৰে অৱগত কৰে।

Advertisment

উক্ত ঘটনাৰ শুনানি সন্দৰ্ভত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশদ্বয় সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথৰ বিচাৰপীঠে কয় যে সময়ৰ অভাৱৰ বাবে আৰ কৰ কাণ্ডৰ শুনানি পিছুৱাই দিয়া হৈছে। এই শুনানি পৰ্ব অহা ২৯ জানুৱাৰীত দিনৰ ২-০০ বজাত গ্ৰহণ কৰা হ’ব।

বিচাৰপীঠে লগতে উল্লেখ কৰে যে চিকিৎসা পেছাদাৰী সংস্থাসমূহক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কৰুণা নুণ্ডীক আন পক্ষত দাখিল কৰা অন্তৱৰ্তীকালীন আবেদনৰ প্ৰতিলিপি জমা দিবলৈ আহ্বান জনায়।

ইফালে আৰ জি কৰ কাণ্ডৰ বাবে অভিযুক্ত তথা দোষী সাব্যস্ত হোৱা সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা ৰায়ক প্ৰত্যাহ্বান জনাইছে পশ্চিমবংগ চৰকাৰে। ৰাজ্য চৰকাৰে এই ৰায়ত অসন্তুষ্টি ব্যক্ত কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

Supream Court suprem court of india RG Kar case RG Kar Hospital RG Kar Hospital case