/asomiyapratidin/media/media_files/2024/12/15/TBRFujyDJJl1YgTkskJB.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰত হৰ্দেমাৰাত আৰক্ষীয়ে অভিযান চলাই আয়ুব আলীৰ ঘৰৰ ভিতৰৰ পৰা গাত খান্দি উলিয়াই এটা ৰিফলভাৰ ।
উল্লেখ্য যে বিলাসীপাৰ মহকুমা আৰক্ষী বিষয়া,চাপৰ চক্ৰ আৰক্ষী বিষয়া,চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত নিশা আয়ুব আলীৰ ঘৰত গৈছিল অভিযান চলাবলৈ ।
ঘৰত উপস্থিত হোৱাত আয়ুব আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে উগ্ৰ মূৰ্তি ধাৰণ কৰিছিল আৰু ঘৰত তালাচী চলাবলৈ আৰক্ষীক বাধা দিয়াৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ।অৱশেষত ঘৰৰ ভিতৰত আৰক্ষীয়ে গাত খান্দি উলিয়াই ৫ জাই সজীৱ গুলিসহ এটা ৰিফলভাৰ।
ঘটনা সন্দৰ্ভত আয়ুব আলী,আয়ুব আলীৰ পত্নীৰ লগতে আয়ুব আলীৰ মাতৃকো আটক কৰি চাপৰ থানালৈ লৈ আনে আৰক্ষীয়ে ।