Advertisment

মণিপুৰৰ পৰিস্থিতি : গৃহ মন্ত্ৰালয়ত উচ্চপদস্থ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শনিবাৰে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰে এখনি বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শনিবাৰে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰে এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

Advertisment

উল্লেখযোগ্য যে হিংসা আৰু ৰাজনৈতিক অস্থিৰতাই প্ৰায় দুবছৰ ধৰি মণিপুৰবাসীক অস্বস্তিত পেলাইছে। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিও একেবাৰে অশান্ত । সেয়ে আজিৰ এই বৈঠকত সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ আৰু সাম্প্ৰতিক পৰিৱেশ সন্দৰ্ভত কেতবোৰ আলোচনা কৰা হয়। 

ভাৰতীয় গেজেটত প্ৰকাশিত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা ঘোষণাত মণিপুৰ বিধানসভাৰ ক্ষমতা সংসদলৈ হস্তান্তৰ কৰা হ’ব বুলি উল্লেখ কৰে। একেদৰে ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব কাৰ্যকৰীভাৱে স্থগিত ৰখাৰ কথাও উল্লেখ কৰে।

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা

 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে যোৱা বছৰৰ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়নৰ বাবে নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক আহ্বান কৰিছিল।

ইফালে আজিৰ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে মণিপুৰক সুস্থিৰ কৰি তোলাৰ লগতে জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কেতবোৰ পৰিকাঠামো প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে। বৈঠকত অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভতো পৰ্যালোচনা কৰে। লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আৰক্ষী বিষয়াসকলক অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।

manipur amit shah