বান প্ৰতিৰোধ ব্যৱস্থাৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আগন্তুক বাৰিষা কালৰ প্ৰতি লক্ষ্য‍ ৰাখি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে অভিযন্তা, জলসম্পদ বিভাগৰ বিষয়া, ঠিকাদাৰৰ সৈতে বশিষ্ঠস্থিত অসম জল ভৱনত এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

author-image
Asomiya Pratidin
New Update
বান প্ৰতিৰোধ ব্যৱস্থাৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বান প্ৰতিৰোধ ব্যৱস্থাৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ, গুৱাহাটী : আগন্তুক বাৰিষা কালৰ প্ৰতি লক্ষ্য‍ ৰাখি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে অভিযন্তা, জলসম্পদ বিভাগৰ বিষয়া, ঠিকাদাৰৰ সৈতে বশিষ্ঠস্থিত অসম জল ভৱনত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ বান আৰু নদীৰ খহনীয়া ব্যৱস্থাপনা সংস্থাৰ জৰিয়তে ৰূপায়িত বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

Advertisment

বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধৰ সামগ্ৰী যেনে- জিঅ’ বেগ, পৰ্কুপাইন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতা আৰু স্থানৰ পৰ্যালোচনা কৰে। তেওঁ বিষয়াসকলক পৰ্যাপ্ত পৰিমাণে সামগ্ৰী মজুত ৰখাটো নিশ্চিত কৰি চিনাক্ত কৰা সকলো দুৰ্বল আৰু বিপদজনক অঞ্চলত সময়মতে সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠক
বৈঠক

 

মন্ত্ৰী হাজৰীকাই জৰীপৰ জৰিয়তে চিনাক্ত কৰা ২১৬ টা দুৰ্বল স্থানত অতিশীঘ্ৰে প্ৰতিৰোধী ব্য ৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশ প্ৰদান কৰে । তেওঁ বিভাগৰ সকলো বিষয়া আৰু ঠিকাদাৰক কামৰ গতি ত্বৰান্বিত কৰাৰ লগতে নিৰ্ধাৰিত সময়সীমা মানি চলিবলৈ নিৰ্দেশ দিয়ে। 

কামৰ ক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য  কৰা নহ’ব বুলি কৈ মন্ত্ৰীগৰাকীয়ে বানৰ সময়ছোৱাত ৰাইজে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰী, ঠিকাদাৰসহ সংশ্লিষ্ট সকলো ব্যক্তিকেই সকলো কাম দায়িত্বসহকাৰে সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ বানপানী আৰু খহনীয়াৰ পৰা জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়ৱদ্ধতাক দোহাৰে। 

বৈঠক

উল্লেখযোগ্য যে, চলি থকা প্ৰতিৰোধমূলক কামৰ অগ্ৰগতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সকলো অংশীদাৰকে সমন্বয়ৰযোগেদি বান নিয়ন্ত্ৰণ ব্যৱস্থাৰ ফলপ্ৰসূ আৰু সময়োপযোগী ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী হাজৰীকাই পুনৰ কয় যে, বিভাগটোৱে সক্ৰিয় পৰিকল্পনাৰে বানপানী আৰু গৰাখহনীয়াৰ পৰা জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তৎপৰ হৈ থাকিব লাগিব। 

আজিৰ বৈঠকত জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাছী, FREMAAৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন বি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, জ্যেষ্ঠ বিষয়াসকল আৰু অন্যাযন্যবসকলে অংশ লয়।

pijush hazarika