ডংকামোকামত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত পৰ্যালোচনা বৈঠক

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত বুধবাৰে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

author-image
Asomiya Pratidin
New Update
353

ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত বুধবাৰে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এদিনীয়া ভ্ৰমণসূচীৰে ডংকামোকাম বন বিভাগৰ পৰিদৰ্শন ভৱনত মন্ত্ৰী দাস উপস্থিত হৈ বৈঠকত বিভাগীয় আঁচনি ৰূপায়নৰ উদ্দেশ্য, লক্ষ্য আদিৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে ৷

Advertisment

উল্লেখযোগ্য যে বৈঠকত উপস্থিত থাকে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে লূনছিং টেৰণ, ৰিটেছ ইংহি, পশ্চিম কাৰ্বি আংলং জিলা আযুক্ত সাৰাংগ পানী শৰ্মাৰ লগতে জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকল। তাৰোপৰি ৰংখাং উন্নয়ন খণ্ড, চছেং উন্নয়ন খণ্ড, চিনথং উন্নয়ন খণ্ড আৰু আমৰি উন্নয়ন খণ্ডৰ বিষয়ববীয়াসকল ৷

বৈঠকত প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে সকলো জনকল্যাণমুখী আঁচনি সফলভাৱে ৰূপায়ন কৰি যাতে জনসাধাৰণে সুবিধা পাই বা লাভাম্বিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মত প্ৰকাশ কৰাৰ লগতে আহ্বান জনায়।

কাৰ্বি আংলং