/asomiyapratidin/media/media_files/2025/06/12/FCgNCejFGFwfI48LFjUu.jpg)
ডিজিটেল সংবাদ ,নগাঁও : বৃহস্পতিবাৰে অসম বিধানসভাৰ বিভাগীয় সম্পর্কযুক্ত স্থায়ী সমিতিৰ অধ্যক্ষ তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিশান আৰু সদস্যসকল নগাঁও জিলাত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে । সভাৰ আৰম্ভণিতে আহমেদাবাদত বিমান দুৰ্ঘটনাত নিহত হোৱাসকলৰ আত্মাৰ সৎগতিৰ বাবে উপস্থিত সকলোৱে দুই মিনিট সময় মৌন প্ৰাৰ্থনা জনায় ।
জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আঁত ধৰা সভাখনত সংশিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলে পাৱাৰ পইণ্ট মাধ্যমেৰে জিলাখনত নিজ নিজ বিভাগসমূহে ৰূপায়ন কৰি থকা কামৰ খতিয়ান দাঙি ধৰে । এই পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ আগতে অসম বিধানসভাৰ বিভাগীয় সম্পর্কযুক্ত স্থায়ী সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলে জিলাখনৰ নগাঁও চিকিৎসা মহাবিদ্যালয়, নিজ বৰভগীয়া, বৰালিগাঁওৰ Bamboo Chipping Unit আৰু বৰভগীয়াৰ Kamala Oil Mills, শালনা চাহ বাগিচা, বেঙেনাআতিৰ FPC, লাওখোৱা পথত অৱস্থিত ডায়েৰী ফাৰ্ম, জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যলয়ৰ চৌহদ, জিলা অৱৰ্ত ভৱন আদি পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।
অসম বিধানসভাৰ বিভাগীয় সম্পর্কযুক্ত স্থায়ী সমিতিৰ অধ্যক্ষই পৰ্য্যালোচনা সভাখনত উপস্থিত থকা বিভাগসমূহৰ মুৰব্বী বিষয়াসকলক নিজ নিজ চৰকাৰী আঁচনিসমূহৰ কাম পূৰ্ণগতিৰে আৰু সুচাৰুৰূপে কৰি নগাঁও জিলাখনক অসমৰ লগতে ভাৰতবৰ্ষৰ এখন শক্তিশালী আৰু উন্নত জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, পৰ্যালোচনা সভাত অসম বিধানসভাৰ বিভাগীয় সম্পর্কযুক্ত স্থায়ী সমিতিৰ সন্মানীয় সদস্য সকল ক্ৰমে- বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অসম বিধানসভাৰ বিভাগীয় সম্পর্কযুক্ত স্থায়ী সমিতিৰ উপ- সচিব দীপালি পেগু, উপ সচিব নিবেশ চক্রৱৰ্তী, ৰহা সম-জিলাৰ সম আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল আৰু সংশিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।