নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্ৰী ৰূপেশ গোৱালাৰ পৰ্যালোচনা বৈঠক

নগাঁও জিলা আয়ুক্ত কার্যালয়ত চাহ কল্যান, চাহ জনজাতি, গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক।

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্ৰী ৰূপেশ গোৱালাৰ পৰ্যালোচনা বৈঠক

ডিজিটেল সংবাদ, নগাঁও: আজি নগাঁও জিলাৰ আয়ুক্ত কার্যালয়ৰ সভা কক্ষত অসম চৰকাৰৰ চাহ কল্যান, চাহ জনজাতি, গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত জিলাখনৰ শ্ৰম বিভাগ, স্বাস্থ্য,  জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ,  উদ্যোগ,  মহকুমা কল্যান বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,  খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মুৰব্বী বিষয়াসকল আৰু চাহ বাগিচাৰ পৰিচালসকলৰ লগত এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। 

Advertisment

বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ আগবঢ়ায়। সভাত জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মনে দৃশ্য শ্ৰৱ্য মাধ্যমেৰে মন্ত্ৰীগৰাকীৰ সন্মুখত জিলাখনৰ ২৪ খন চাহ বাগিছাৰ লগতে বৰ্তমান বিভাগৰ দ্বাৰা ৰূপায়িত বিভাগীয় কাৰ্যকলাপসমূহৰ বিশদ বিৱৰণ দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাহ বাগিছাসমূহৰ চিকিৎসালয়সমূহৰ বৰ্তমানৰ স্থিতিৰ বুজ লৈ চিকিৎসালয়সমূহত চিকিৎসককে ধৰি খালী হৈ থকা চিকিৎসাকৰ্মীৰ পদসমূহত এই মাহৰ ভিতৰতে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাহ বাগিছা কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। 

চাহ বাগিছা অঞ্চলৰ মহিলাই যাতে সুস্থ, সবল মাতৃত্ব লাভ কৰে তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা "চাহ বাগিছা মজুৰী ক্ষতিপূৰণ আঁচনি"ৰ পৰা কোনো এগৰাকী গৰ্ভৱতী মহিলা যাতে বঞ্চিত নহয় তাৰ বাবে বাগান কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলক নির্দেশ প্ৰদান কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ "জল জীৱন" মিছনৰ অধীনত জিলাখনৰ চাহ বাগিছাসমূহত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ বৰ্তমানৰ স্থিতি বুজ লৈ মন্ত্ৰীগৰাকীয়ে চাহ বাগিছাসমূহৰ প্ৰতিঘৰতে যাতে বিশুদ্ধ খোৱাপানী পায় তাৰ নিশ্চয়তা সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। 

চাহবাগিছাৰ অঞ্চলসমূহত শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ বাবে স্থাপন কৰা মডেল হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়সমূহত নিয়মীয়া পাঠদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক নিয়মীয়াকৈ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে। বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চাহ বাগিছা অঞ্চলসমূহত যাতে আধাৰ কাৰ্ডৰ বাবে কোনো শ্ৰমিক বঞ্চিত নহয় তাৰবাবে বৰ্তমান আধাৰ কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া চলি থকা শিবিৰসমূহত শ্ৰমিকসকলে তাৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ চাহ বাগিছাৰ কৰ্তৃপক্ষ আৰু দল-সংগঠনক আহ্বান জনায়। 

চাহ বাগিছাত কৰ্মৰত শ্ৰমিকসকলৰ পি.এফ,  গ্ৰেচুয়েটিৰ সুবিধা সময়মতে প্ৰদান কৰিবলৈ বাগান কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ইটা ভাটাসমূহৰ শ্ৰমিকসকলৰ মজুৰী, সামাজিক সুৰক্ষা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা আদি বিষয়সমূহত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জিলা সহকাৰী শ্ৰম আয়ুক্তগৰাকীক নিৰ্দেশ প্ৰদান কৰাৰ লগতে জিলাখনৰ বৃহৎ মল,  হোটেলসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিবলৈ নির্দেশ প্ৰদান কৰে। 

তদুপৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শিশু শ্ৰমিকৰ উদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ, জিলাখনত শিশু শ্ৰমিক উদ্ধাৰ অভিযান আৰু তীব্রতৰ কৰিবলৈ আহ্বান জনায়। চাহ বাগিছা অধ্যুষিত অঞ্চলসমূহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ কামসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ, লগতে চাহবাগিছাসমূহত থকা অংগণবাড়ী কেন্দ্ৰসমূহ সঠিকভাৱে পৰিচালিত হৈছেনে নাই তাক নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

শেষত মন্ত্ৰীগৰাকীয়ে চাহবাগিছা অঞ্চলসমূহত বৰ্তমান চৰকাৰে ৰূপায়ণ কৰি থকা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়।আজিৰ এই বৈঠকত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অসম চৰকাৰৰ চাহ কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, ৰহা সম জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল,  কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা,  অতিৰিক্ত আয়ুক্ত ক্ৰমে মনোৰমা মৰাং,  পংকজ ৰাজবংশী,  দেবাহুতি বৰা,  সুদীপ নাথ, শৌভিক ভূঞা,  সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিত, তেজস অগ্নিহোত্ৰী,  জুতিকা কুমাৰীকে প্ৰমুখ্য কৰি জিলাখনৰ চাহবাগানৰ পৰিচালক,  ফেক্টৰী ইন্সপেক্টৰ,আছাৰ প্ৰতিনিধি, আটাছাৰ প্ৰতিনিধি আৰু চাহ বাগিছাৰ বিভিন্ন সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

ৰূপেশ গোৱালা