/asomiyapratidin/media/media_files/2025/05/26/3bNf8hbjoTzJUoieluQ4.jpg)
সংবাদ মাধ্যম আৰু জনজাতি বিভাগৰে পৰ্যালোচনা বৈঠক গৌৰৱ গগৈৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ য়ে সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগ আৰু অনুসূচিত জনজাতি বিভাগৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৰাকৰ বানপীড়িত এলেকা পৰিভ্ৰমণ কৰি বৰঝাৰ বিমান বন্দৰৰ পৰা বাহিৰে বাহিৰে সভাপতিগৰাকীয়ে ৰাজীৱ ভৱনলৈ আহে আৰু মিডিয়া বিভাগৰ বৈঠকখনত অংশগ্ৰহণ কৰে।
প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা পৰ্যালোচনা সভাত দলৰ নতুন সভাপতিজনে মুখপাত্ৰ আৰু মিডিয়া বিভাগৰ লগত জড়িত বিষয়ববীয়াসকলৰ লগতে কৰ্মীসকলে কেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ কৰিব লাগিব সেই বিষয়ে পৰ্যালোচনা কৰে। যুঁজ এখন যে হ’ব তাৰ বাবে সকলোকে সাজু হ’বলৈ অহ্বান জনায়।
ইফালে, প্ৰদেশ কংগ্ৰেছৰ জনজাতি বিভাগৰ অধ্যক্ষ আনছুল বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত আন এখন সভাত আগন্তুক বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। বিটিআৰত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰাৰ বাবে কেনেধৰণৰ পদক্ষেপ কৰিব লাগে সেই সন্দৰ্ভতো তেওঁ বিভাগটোৰ নেতা-কৰ্মীৰ মতামত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ৬ জুনত ৰাজীৱ ভৱনত অনুষ্ঠিত হ’বলগীয়া ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠক সন্দৰ্ভতো দলীয় নেতৃত্বৰে এক আলোচনাত মিলিত হয়।