উভতি আহিল শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ছা !

উভতি আহিল শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ছা !

ডিজিটেল ডেস্ক : দেশৰ অৰ্থনৈতিক সংকতৰ মাজতেই জনতাৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ পলায়ন কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজাপাক্ছা উভতি আহিছে শ্ৰীলংকালৈ । পলায়নৰ প্ৰায় ৭ সপ্তাহৰ পাছত শ্ৰীলংকাৰ মুখ্য আন্তৰ্জাতিক বিমান বন্দৰত বিমানৰ পৰা অৱতৰণ কৰা দেখা যায় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক । বিভিন্ন চৰকাৰী নেতা- কৰ্মচাৰীক ৰাজপাক্ছাক আদৰিবলৈ ফুলৰ মালা লৈ ৰৈ থকা দেখা গ'ল বিমান বন্দৰৰ বাহিৰত ।

উল্লেখ্য যে, ৰাজপাক্ছাই সেনা সুৰক্ষাৰ সহায়ত বিগত জুলাই মাহত অজ্ঞাত স্থানলৈ পলায়ন কৰিছিল ।অজ্ঞাতবাসৰ সময়ছোৱাতে ছিংগাপুৰৰ পৰা নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি থাইলণ্ডলৈ ৰাওনা হৈছিল নেতা গৰাকী । থাইলেণ্ডৰ পৰাই বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰানিল ৱিক্ৰেমেসিংঘেক নিজৰ প্ৰত্যাৱৰ্তনৰ কথা জনাইছিল ৰাজপাক্ছাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in